Meaning Of RIP In Assamese | What Is Rest In Peace In Assamese
আপুনিও মৃত মানুহক RIP লিখি শ্ৰদ্ধাঞ্জলি জনায় নেকি? তেন্তে পঢ়ক। Do Not Type RIP In Assamese. Should I say ‘RIP’ or ‘rest in peace’ To The Deceased? The Answer Is No
Rest In Peace In Assamese
মানুহ এজনৰ যেতিয়া মৃত্যু হয় আজিকালি সকলোৱে RIP লিখে । RIP মানে বহুতে ভাবে "rest in peace " "আত্মাই ভগবানৰ সৈতে শান্তিত থাকক।" ইয়াৰ মানে এয়া নুবুজায়। খৃষ্টীয়ান সকলে মৃতকক কবৰ দিয়ে। আৰু আত্মাক সেই কফিনটোতে ভগবানৰ ৰায়ৰ দিনটোলৈ শান্তিত জিৰণি লবলৈ অৰ্থাৎ RIP বুলি প্ৰাৰ্থনা জনায়। যেতিয়ালৈকে ভগবানে সিদ্ধান্ত নলয় কত যাব তেতিয়ালৈ আত্মা কফিনৰ ভিতৰতে আবদ্ধ হৈ থাকে।হিন্দু ধৰ্ম মতে এই শব্দটো অপ্ৰযোজ্য। গীতাৰ ২য় অধ্যায়ৰ ২৩ নং শ্লোকত কোৱা হৈছে
"নেনং চিন্দন্তি শষ্ট্ৰাণি নেনং দহতি পাৱকঃ
ন চেনং ক্লেদয়ন্ত্য়াপো ন শোষয়তি মাৰুতঃ|| ২৩ ||"
অৰ্থাৎ আত্মাক না কোনো শস্ত্ৰ দ্বাৰা খণ্ড খণ্ড কৰিব পাৰি, না অগ্নিৰ দ্বাৰা জ্বলাব পাৰি, না পানীত তিয়াব পাৰি অথবা বায়ুত শুকুৱাব পাৰি।
আমাৰ মতে আত্মা দেহৰ বাহিৰ হয় আৰু এটা নতুন দেহত প্ৰবেশ কৰে। যিসকলে এই জীৱনৰ জন্ম মৃ্ত্যুৰ পৰিক্ৰমাটো নেওচিব পাৰে মোক্ষ লাভ কৰে।
আকৌ ২নং অধ্যায় . ২৭ নং শ্লোকত কৈছে
"জাতস্য হি ধ্ৰুবো মৃত্যুধ্ৰুবং জন্ম মৃতস্য চ।
তস্মাদপৰিহাৰ্যেSৰ্থে ন ত্বং শোচিতুমহৰ্ষি।।"
" অৰ্থাৎ যিজনে জন্ম লৈছে তেঁওৰ মৃত্যু নিশ্চিত। মৃত্যুৰ পিছত পুনৰ্জন্মও নিশ্চিত। সেয়ে নিজৰ অপৰিহাৰ্য্য কৰ্তব্য পালনত তুমি শোক কৰাটো উচিত নহয়। "
কিন্তু আত্মা আবদ্ধ হোৱা মানে প্ৰেত যোনি প্ৰাপ্ত হোৱা। পৃথিৱীত ৰৈ যোবা। অতৃপ্ত আত্মা। আমি নিবিচাৰো কৰোবাৰ আত্মা আবদ্ধ হওক।
এইটো কোনো ছিৰিয়াছ বিষয় নহয় যদিও হিন্দু মতে শব্দবোৰ ব্যৱহাৰ কৰাটো উপযোগী। বিশ্বাস কৰক RIP শব্দটো ১মবাৰৰ বাবে মই ফেচবুকত আহি হে শুনিছিলো।আৰু আপুনি???
Why We Say RIP | What To Say Instead Of RIP | Alternative Of RIP
কোনোবাই হয়তো কমেন্টত টাইপ কৰিব RIP ৰ অৰ্থ তেঁওৰ আত্মাই শান্তি পাওঁক, মোৰ প্ৰাৰ্থনাত ভক্তি আছে। কি শব্দ ব্যৱহাৰ কৰিছো সেয়া কোনো বিশেষ বিষয় নহয়।
কিন্তু শব্দৰ লগত কথা নহয়। RIP নামৰ কোনো শব্দ নাই আমাৰ তাত ।
এতিয়াৰ পৰা যদি আপুনি কাৰোবাৰ মৃত্যু শুনে RIP সলনি এয়া লিখিব পাৰে,om Shanti বা
EHA - “May his soul Elevate to Highest Abode”
অথবা তেওৰ আত্মাই মোক্ষ লাভ কৰক তেওৰ আত্মাই বৈকুণ্ঠ/স্বৰ্গ প্ৰয়াণ কৰক
( বিঃদ্ৰঃ - তলৰ হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক। ভুল হলে শুধৰাই দিব পাৰে.. )
-স্বপ্ননীল আকাশ