3 Assamese Love Stories That Make You Fall In Love | Most Popular Assamese Love Story

3 Assamese Love Stories That Make You Fall In Love | Most Popular Assamese Love Story

3 Assamese Love Stories That Make You Fall In Love | Most Popular Assamese Love Story

Oct 03rd, 2020 Hims


Assamese Romantic Story

--খাবা নেকি?
--না নাখাও
--এহ লাজ কৰিব নালাগে লোৱা৷
চিপচৰ পেকেটো তাইলৈ আগবঢাই দিছিলো ৷ 1ম বাৰৰ বাবে তাইৰ চকুত চকু থৈ সুধিছিলো
--কত যাবা
--গুৱাহাটী ৷ তুমি?
--ময়ো ৷ এইখন ৰেলত আহিবই নালাগে ইমান
ৰৈ ৰৈ গৈ থাকে ৷
-- ও ৷ খডিকীখন বন্ধ কৰি দিয়াচোন বেয়া নপোৱা যদি ৷ঠণ্ডা বতাহ বলিছে ৷
--ৰবা ৷

মই বন্ধ কৰি আগৰ ঠাইত বহিছিলো ৷ এয়াই ১ ম আৰম্ভনি ৷১ ম বাৰ্তালাপ ৷ বতাহ ইমানো ঠাণ্ডা নাছিল৷তাই হয়তো অপ্ৰস্তত হৈছিল৷ অপ্ৰস্তত হৈছিল বতাহে চুলিখিনি অবিৰত মোৰ কান্ধত লগাই থকাত ৷সেই খন্তেকৰ বাবে তাইৰ চকুলৈ ছাইছিলো ৷কোমল তাইৰ চকজুৰি মিঠা মাতটো ৷মোক ভাবিব বাধ্যকৰি তুলিছিল তাইৰ বিষয়ে ৷ মনত বলা বতাহজাকে মোৰ হৃদয় উন্মাদ কৰি তুলিছিল৷হেডফোনত বাজি আছিল মন মোৰ উৰি গছি যায় ৷উৰি গৈছিলো মই ভাবনাত ৷পোৱা নপোৱাৰ কত আশা লৈ সুধিছিলো নাম…

মৌচুমী কাশ্যপ ৷ ৷এয়াই আছিল ১ ম আলাপ ৷
গুৱাহটী আহি তাইক ফেচবুকত বিচাৰি বিচাৰি পাইছিলো ৷সকলো ঠিকেই আছিল মাঠো in a complicated relationship আছিল ৷ মুহ্ৰতৰ বাবে লাগিছিল বেয়া ৷তথাপিও তাইক msg কৰিলো ৷ কথা পাতিলো ৷জুমি চালো ভিতৰৰ মৌচুমী জনীক ৷সুখী নাছিল তাই ৷মই হে আছিলো সুখী তাইক পাই ৷তাই ফোন নং লৈ ফোন কৰিছিলো ৷তাই বহুদিন কান্দিছিল ৷
মই ভাষা হেৰুবাইছিলো ৷ তাই কান্দিলে যে মোৰ
বেয়া লাগে বহুত৷ এদিন নজনাকৈযে প্ৰেমত
পৰি গৈছিলো তাইৰ ৷ ৷ মই বিচৰি ফুৰিব লৈছিলো তাইৰ মাজত নিজকেই ৷হয়তো তাইও আগুৱাই আহিছিল লাহে লাহে ৷লাহে লাহে মোৰ হৃদয়লৈ ....মনত আছে সেই দিনটো 27 জানুৱাৰী ৷ তাই
দিনটো কান্দি আছিল ৷ সকলো সপোন ভাগিছিল হয়তো ৷ডেউকা ভগা পখীৰ দৰে ৷ হয়তো ভাগিপৰিছিল আশাবোৰ ৷দেখিছিলো মই ৷ বুজিছিলো ৷গধুলি তাইক শান্তনা দিবলৈ ফোন কৰিছিলো ৷

সময়
5.35 pm

-হেল্ল মৌ ৷ এতিয়াও কান্দি আছা
--নাই ৷
--হুমম ৷ কি কৰিছা ৷ ফেচবুক কি হল আজি৷
--মই আজি ভাত খোৱা ্ নাই মৰি যাম এনেকে ৷
নোৱাৰো মই ৷ নোৱাৰো ৷
--মই তোমাক ভল পাও ৷

ত়াই উচুপিব লৈছিল আৰু মোৰ হঠাতেই ওলাই গৈছিল মুখেৰে ৷সহ্য নহয় দুখ তাইৰ ৷ইতিমধ্যে তাই মাক ৰুমত অহাবুলি ফোনটো কাটিছিল ৷মই আচৰিত হৈছিলো ৷ 10 মিনিট পাছত মেছজত কৈছিলতাই ৷ "ময়ো ৷ "বিশ্বাস কৰা সেই 10 মিনিট মোৰ 10 বছৰ যেন লাগিছিল ৷তাই মোৰ হৈ গৈছিল সিদিনাৰ পৰা ৷ সেই মুহুৰ্ত সেই সময় এতিয়াও আছে মনত ৷ সকলো দেখা পাও চকু মুদিলেই ৷ দেখা পাও তাইক ৷ মই সেউজীয়া ৰঙৰ চিপচৰ পেকেট আগবঢাই দিয়া ছোৱালীজনীক কেতিয়াবা ভাবিলে এনে লাগে যেন সেই চিফুং ৰেলগাডী আৰু মোৰ হৃদয়ৰ গাডী খনৰ গতি একেই আছিল ৷মাঠো সেইখন ৰৈছিল বহু ষ্টেচনত আৰু মোৰ খনে বিছাৰি ফুৰিছিল ষ্টেচন এটা ৷ৰৈ গৈছিল এটাই ষ্টেচনত ৷ সেয়াই তাইৰ হৃদয় ৷৷ সেই চিফুং ৰেলগাডীখন ৷ সেই মুহুৰতটো , বতাহজাক ,চিপচৰ পেকেটটো সকলোখিনিয়ে যেন মোৰ জীবন সলাই দিছিল ৷মই তাইৰ হৈ গৈছিলো এদিন ৷

সচা অৰ্থত মোৰ বাবে তাইয়েই হৈ পৰিছিল স্বপ্ননীল আকাশৰ জোনাক ৷ ...

-স্বপ্ননীল আকাশ

Assamese Love Story no 2 | Love Story In Assamese


--"না নামাতিবা মোক ৷ মেছেজ ফোন একোৱেই নকৰিবা ৷ নাপাও মই তোমাক ভাল " 

কথাখিনি কৈয়েই তৰালীয়ে ফোনটো কাটি দিলে ৷ তাই খংঙত চিটিকি পৰিছে ৷ কি যে লৰাটো পালো কেৱল কাজিয়া কেৱল খং ৷ মোৰ একো কথাই নুশুনে ৷ ময়ো নুশুনো ৷ নকৰো আজিৰ পৰা ফোন মেছেজ ৷ সব খতম ৷ হুহহ …

কথাবোৰ ভাবি তাই বিচনাত শুই পৰিল ৷ 

তৰালী hs 2য় বাৰষিকৰ ছাৎৰী ৷ কলেজৰ 1 ম দিনতেই লগ পাইছিল অনুৰাগক ৷ এদিন সিহত ভাল বন্ধু হৈছিল আৰু লাহে লাহে তাই তাৰ হৃদয়ৰ একমাৎৰ ছোৱালীজনী হৈ পৰিছিল ৷ এই সময়লৈ সিহতৰ সম্বন্ধ এবছৰ পাৰ হৈ গৈছিল ৷ আজি মনটো ভাল নহয় ৷ প্ৰায়ে সৰু সৰু কথাত কাজিয়া লাগে ৷ বেলেগৰ bf দেখি তাইৰ খংঙো নুঠা নহয় ৷ কথাবোৰ ভাবি ভাবি তাই শুই আছে ৷ 20 মিনিট কেনৈকে যে পাৰ হৈ গল গমেই নাপালে ৷ মাজে মোৱাইল স্ক্ৰীন খনো ছাই আছে ৷ কিজানি সি sorry কয় য়েই ৷ ৰুমতো নিশব্দতাত ডুবি আছে ঘডীটোৰ টিক্ টিক্ শব্দটোৰ সৈতে মনৰ উৎকন্ঠাও বাঢিবলৈ ধৰিলে ৷ সচাকৈয়ে বেয়া পালে নে অনু ই ৷ এহ না নাপায় বেয়া ৷ দিবই অলপ পিছত হলেও মেছেজ ৷ চাওতে চাওতে তাইৰ টোপনি আহি গল …
গধুলিৰ সময় …সাৰ পাইয়েই আকৌ মোৱাইলটো চালে ৷ নাই একো নাই ৷ তাইৰ সচাকৈয়ে বেয়া লাগিব ধৰিলে ৷ সচাকৈয়ে অনুই দুখ পালে নে ৷ তাই ৰব নোৱাৰি দিলেই মেছেজ

--মই এতিয়াও তোমাক বেয়া পাই আছো ৷ (প্লিজ ভগবান ৰিপ্লাই দিয়ে যেন প্লিজজজজ)
--হুমম!
--কি হুমম সচাকৈয়ে পাইছো ৷
--ময়ো
--কিয় ?
--এনেয়ে
--মই ভাল নাপাও বুলি কোৱাই ন ৷ প্লিজ trust me অনু তোমাক বহুত ভাল পাও ও ৷
--হুমম ৷
--কি হুমমম ও কোৱা না কিবা

ৰিপ্লাইলৈ বাট নাছাই তাই ফোন কৰিলে ৷

--কি হল ফোন কৰিলা যে
--তোমাক এৰি থাকিব নোৱাৰো ও ৷ উচুপি উঠিল তাই
--পাগলী কান্দিছ কিয় ৷
-- (মৌন)
--ঐ কি হল ও ৷ প্লিজ প্লিজ মোৰ শপত নাকান্দিবা ও ৷
--(মৌন)
--মই কি কৰিছো কোৱা না৷ হুহ (হুমুনিয়াহ কাঢি সি কলে৷ তাৰ মাতটো কন্দাৰ আগ মুহুৰৰদৰে হৈ পৰিল )
--একো কৰা নাই তুমি ৷ মইহে… আজিৰপৰা কেতিয়াও তোমাক দুখ নিদিও শপত শপত শপত ৷ যি কোৱা সকলো শুনিম ৷ প্লিজ তুমি তেনেকৈ থাকিলে মোৰ বেয়া লাগে অ' ৷
--মোৰ বেয়া নালাগে নেকি তুমি কান্দিলে? মইও তোমাক ভাল পাও পোৱালি ৷ i lov u তৰা ৷ মই আজিৰ দিনটো একোতেই মন বহা নাই জানানে তুমি সুখী হলেই মই বুহত সুখী হৈ পৰো মনত দুখ থাকিলেও ৷তুমি তেনেকৈ থাকিলে কেনেকৈ সুখী হও কোৱানা ৷
--জানো মই তুমি যে মোক বহুত ভালপোৱা ৷ বহুত বহুত মৰম কৰা ৷ খং উঠিলে যে কৈ দিও কিবা কিবি ৷
--ময়ো ভালপাও তোমাক ৷ i lovvv u so much ...
এতিয়া মই কৰবাত যাও পিছত কথা পাতিম
--উমম সোনকালে আহিবা নহলে মই বেয়া পাম ৷
--বেয়া পাবা
--he he নাপাও কাৰন তুমি সোনকালেই আহিবা কাৰন তোমাৰ তৰাজনীয়ে তোমালৈ ৰৈ থাকিব ৷
--আহিম দিয়া সোনকালে ৷ byy.
--byy

এফালে বেলিটোৱে জোনাক নমাৰ ইংগিত দিলে ৷ আনফালে তাইৰ ওঠত হাহি বিৰিঙি উঠিল ৷
কাষৰ ৰুমটোত চলি থকা টিভিটোত বাজি উঠিল

"Hum tere bin ab reh nahi sakte
Tere bina kya wajood mera "

Read this post on JonakAxom

About the Author
Posted by : Hims

I am jonakaxom

Find the Top and New Blogs Worldwide

Discover, rank and showcase blogs worldwide. Find new blogs every day, rank them and analyze their data with IndiBlogHub.

Add your Blog Browse Categories